ৰাজ্যসভা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হ’ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
ৰাজ্যসভাৰ আসনৰ বাবে কোনো দ্বিতীয়গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰাৰ ফলত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয় সোণোৱালে।
সোমবাৰে ৰিটাৰ্ণিং বিষয়াৰ পৰা সোণোৱালে লাভ কৰে জয়ী হোৱাৰ প্ৰমাণ পত্ৰ।
পত্ৰ গ্ৰহণৰ সময়ত সৰ্বানন্দ সোণোৱালক সংগ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, বিজেপি সভাপতি ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়াৰ লগতে বিজেপিৰ অন্য কেইবাজনো জ্যেষ্ঠ নেতাই।
উল্লেখ্য যে, ২০ ছেপ্টেম্বৰৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল সৰ্বানন্দ সোণোৱালে।
ৰাজ্যসভাৰ খালী থকা মুঠ ৬খন আসনৰ ভিতৰত এতিয়া ৫খন আসনৰ বাবে নিৰ্বাচন অনষ্ঠিত হব।









