জামিনৰ বিনিময়ত আচামীৰ পৰা উৎকােচ লৈ হাতে লোটে গ্ৰেপ্তাৰ আৰক্ষী উপ পৰিদৰ্শক অনুপ কটকী…

ৰাজ্যত অব্যাহত আছে একংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াৰ ঘোচ লোৱাৰ অঘোষিত প্ৰতিযোগিতা।

শেহতীয়াভাৱে ৰাজ্যত ঘোচ লৈ গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন চৰকাৰী বিষয়া কৰ্মচাৰী।

শনিবাৰে ঘোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ’ল এগৰাকী আৰক্ষী বিষয়া।

ঘোচ লওঁতেই দুৰ্নীতি নিবাৰকৰ জালত পৰে আৰক্ষী উপ পৰিদৰ্শক অনুপ কটকী।

নগাঁৱৰ কচুৱা আৰক্ষী চকীৰ উপ পৰিদৰ্শক হিচাপে আছিল অনুপ কটকী।

জামিনৰ বিনিময়ত আচামীৰ পৰা উৎকােচ লওঁতেই ভিজিলেঞ্চে হাতে লোটে আটক কৰে উপ পৰিদৰ্শক গৰাকীক।

উল্লেখ্য যে, ৰাজ্যত ঘোচ লৈ এমাহতে গ্ৰেপ্তাৰ ১৮জন চৰকাৰী কৰ্মচাৰী।