শোণিতপুৰৰ বৰছলা সমষ্টিৰ শিতলমাৰীত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান।
কটকটীয়া নিৰাপত্তা ব্যস্তনীৰ মাজেৰে শোণিতপুৰ জিলা প্ৰশাসনে চলালে উচ্ছেদ।
এফালৰ পৰা বুলডোজাৰ লগাই ভাঙি দিয়া হল বেদখলকাৰীৰ ঘৰ।
উঘালি পেলোৱা হল সেউজীয়া গছ-গছনি আৰু ধ্বংস কৰা হল সেউজীয়া কৃষি পথাৰ।
শোণিতপুৰৰ বৰছলাৰ শীতলমাৰীত বেদখল মুক্ত হ’ল প্ৰায় এহেজাৰ বিঘা ভূমি।

বৰছলাৰ ৩ নং চিতলমাৰী আৰু নতুন বজাৰ অঞ্চলকে ধৰি উচ্ছেদ হল ২৯৯ টা পৰিয়াল।
পৰৱৰ্তী সময়ত পুনৰ বৰছলাত চলিব উচ্ছেদ অভিযান। কিন্তু দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ বাবে এতিয়াও দিন নিৰ্ধাৰণ হোৱা নাই।
এই কথা জনালে শোণিতপুৰৰ উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰই।
উল্লেখ্য যে আজি উচ্ছেদ অভিযানৰ বাবে জিলা প্ৰশাসনে প্ৰায় ১০০০ আৰক্ষী-অৰ্ধ সামৰিক বাহিনী আগতিয়াকৈ সষ্টম কৰি ৰাখে ৷

৩১আগষ্টত এই বিশাল বাহিনী অঞ্চলটোত অৱস্থান কৰে৷ আজি পুৱাতে আৰক্ষী-চি আৰ পি বাহিনীৰ উপস্থিতিত কেইবাখনো বুলডোজাৰেৰে বেদখলকাৰীৰ বাসগৃহ ভাঙে ৷ আনহাতে বহুতে ভঙাৰ পূৰ্বে নিজেই ঘৰ- দুৱাৰ ভাঙি অন্য স্থানলৈ গুচি যায়৷
স্মতৰ্ৱ্য যে বিজেপি চৰকাৰ অহাৰ পিছতে বৰচলা সমষ্টিৰ বিধায়ক গণে লিম্বুয়ে বেদখল হৈ থকা চিতলমাৰীৰ ১০০০ বিঘা ভূমি উচ্ছেদ কৰিবলৈ চৰকাৰক আৰ্জি পেচ কৰিছিল ৷
কিন্তু এই উচ্ছেদৰ সমান্তৰালকৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ । বেদখলকাৰী বুলি গণ্য কৰি অহাৰ পাছতো এই লোকসকলে কিহৰ ভিত্তিত লাভ কৰিছিল সকলো চৰকাৰী সা-সুবিধা?
বেদখলকাৰীয়ে কেনেকৈ লাভ কৰিছিল চৰকাৰী বাস-গৃহ আৰু বিদ্যুত সেৱা? উচ্ছেদ অভিযান চলোৱা অঞ্চলত পৰিলক্ষিত হৈছিল এম জি এনৰেগাৰ ফলক। বেদখলকাৰীসকলৰ ওচৰত আছে খাদ্য সুৰক্ষা যোজনাৰ ৰেচন কাৰ্ড।
আনহাতে, নিৰ্বাচনৰ সময়ত শাসকীয় দলে ভোটৰ বিনিময়ত উচ্ছেদ অভিযান বন্ধ ৰখাৰ প্ৰতিশ্ৰুতি দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে।









