এইখন অসমতে সংঘটিত হৈছে এক নোহোৱা নোপোজা কাণ্ড।
গৰ্ভস্থ শিশু আকাৰত সৰু থকাৰ বাবে অপাৰেশ্যন কৰি উলিয়াই আনি আকৌ পেটত থৈ দিলে চিকিৎসকে।
কৰিমগঞ্জ অসামৰিক হাস্পতালত সংঘটিত হৈছে এই আজৱ কাণ্ড।
জানিব পৰা মতে, এগৰাকী প্ৰসূতিয়ে আঠ মাহত কৰিমগঞ্জ অসামৰিক হাস্পতালত পৰীক্ষাৰ বাবে আহিছিল।
কিন্তু প্ৰসূতি গৰাকীক অস্ত্ৰোপচাৰ কক্ষত নি আধা অস্ত্ৰোপচাৰ কৰি সন্তান জন্ম নিদিয়াকৈ পুনৰ পেটটো চিলাই থৈ দিয়ে।
সন্তানটো আকাৰত সৰু হৈ থকাৰ বাবেই চিকিৎসকে আধৰুৱাকৈ অস্ত্ৰোপচাৰ কৰি পিছত প্ৰসূতি গৰাকীক ঘৰলৈ যাবলৈ দিয়ে।
তাৰ পিছতেই প্ৰসূতি গৰাকীৰ অভিযোগৰ ভিত্তিতে উতপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত। চিকিৎসকৰ বিৰুদ্ধে অভিযোগ তুলি চিকিৎসালয়খনতে প্ৰতিবাদ সাব্যস্ত কৰে ৰাষ্ট্ৰীয় বজৰং দলে।
জানিব পৰা মতে বৰ্তমান প্ৰসূতি গৰাকীৰ অৱস্থা সংকটজনক।









