‘মোগলসকলেহে ভাৰতক হিন্দুস্তান আখ্যা দিছিল।’
‘মোগলেহে হিন্দুস্তানৰ আকাৰ এটা দিছিল। সেয়ে মোগলক লৈ মই গৌৰৱ কৰো, মোগলক লৈ মোৰ কোনো এলাৰ্জী নাই।’
এই বিতৰ্কিত মন্তব্য কৰিছে সাংসদ আব্দুল খালেকৰ।
তেওঁ কয়- ‘মোগলসকল হাড়ে-হিমজুৱে ভাৰতৰ সৈতে একাত্ম হৈ গৈছিল। ঔৰংজেৱে উমানন্দক মাটিহে প্ৰদান কৰিছিল। আজিৰ দিল্লীও মোগলে গঢ় দিয়া বুলি প্ৰকাৰন্তে মুখ্যমন্ত্ৰীয়েও স্বিকৃতি দিছে। ভাৰতৰ স্বাধীন সংগ্ৰাম মোগলক বাদ দি অসম্পূৰ্ণ।
লগতে কয়- বিজেপিয়েও বৰপেটা দখল কৰিব খোজে, AIUDF-য়ো দখল কৰিব খোজে। কংগ্ৰেছেও চেষ্টা কৰি আছে সমষ্টিৰ সংখ্যা বৃদ্ধি কৰিবলৈ। দেশৰ মানুহে পৰিৱৰ্তন বিচাৰিছে, স্বচ্ছ নিৰ্বাচন হ’লে দিল্লীৰ পৰা মোদী বিদায় ল’ব লাগিব।









