শীঘ্ৰেই কেন্দ্ৰীয় শাসিত ৰাজ্য হ’ব কোচ বিহাৰ..!

শীঘ্ৰেই কেন্দ্ৰীয় শাসিত ৰাজ্য হ’ব কোচ বিহাৰ।

অসম আৰু পশ্চিম বংগৰ পৰা পৃথক কৰি শীঘ্ৰেই কেন্দ্ৰীয় শাসিত ৰাজ্য হ’ব কোচ বিহাৰ।

কোচ ৰাজবংশী ৰজা অনন্ত ৰায় মহাৰাজে কৰিছে এই বিশেষ মন্তব্য।

পশ্চিমবংগৰ বৰোগিলাৰ ৰাজবাৰীত কোচ ৰাজবংশী ৰজা অনন্ত ৰায়ে কয় যে, চৰকাৰৰ লগত আলোচনা চলি আছে। অতি শীঘ্ৰেই আমি ফলাফল পাম।

তেওঁ কয়- লোকসভাৰ নিৰ্বাচন পূৰ্বেই হয়তো কোচ বিহাৰ হ’ব পৃথক কেন্দ্ৰীয় শাসিত ৰাজ্য। মই ইতিমধ্যে গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত আলোচনাত বহিছো।

অৱশ্যে কোচ বিহাৰ যদি পৃথক কেন্দ্ৰীয় শাসিত ৰাজ্য হয় তেনেহলে অসমৰো কেইবাখনো জিলা ইয়াত অন্তৰ্ভূক্ত হ’ব।

পৃথক কেন্দ্ৰীয় শাসিত ৰাজ্য হ’লে গোৱালপাৰা, বঙাইগাঁও, চিৰাং, উত্তৰ শালমাৰা আৰু ধুবুৰী অসমৰ পৰা পৃথক হৈ পৰিব।

এই সন্দৰ্ভত চৰকাৰে সোনকালে এটা সঠিক ফলাফল দিলে আমি সুখি হ’ম বুলিও মন্তব্য কৰে অনন্ত ৰায়ে।