অসম

আৰক্ষীৰ অভিযানত জব্দ ৭টাকৈ হাতীৰ দাঁত, আৰুণাচল প্ৰদেশৰ দুজনৰ আটক…

অসম-অৰুণাচল সীমান্তৰ জোনাই লক্ষী নেপালী বস্তিত আৰক্ষীৰ অভিযান।

অভিযানত জব্দ ৭টাকৈ হাতীৰ দাঁত।

লগতে দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছে জোনাই আৰক্ষীৰ অভিযানকাৰী দলে।

আটকাধীন সৰবৰাহকাৰী দুজন অৰুনাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ টাগে ৰিনা আৰু তালেন জুম বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

photo 2022 08 24 12 57 43

ভাৰত চৰকাৰৰ বণ্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’, বন বিভাগ আৰু জোনাই আৰক্ষীৰ যৌথ ভাৱে চলাইছিল এই অভিযানত।

লক্ষ্যাধিক মূল্যৰ হাতীদাঁতৰ লগতে এখন চুইফ ডিজায়াৰ বাহন, এটা দুইনলীয়া বন্দুক, কাৰ্টিজ ৭টা আৰু তিনিটা মোবাইল আৰক্ষীয়ে জব্দ কৰিছে।

হাতীদাঁতৰ চোৰাং সৰবৰাহকাৰী দুজনক তদন্তৰ বাবে বৰ্তমান জিম্মাত লৈছে জোনাই আৰক্ষীয়ে।