ঘোচখোৰ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে অভিযান।
ঘোচ লৈ সঘনাই গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন চৰকাৰী বিষয়া-কৰ্মচাৰী।
এইবাৰ বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
উপ পঞ্জীয়ক আৰু বিবাহ বিষয়াৰ কাৰ্যালয়ত অভিযান দুৰ্নীতি নিবাৰক শাখাৰ।
অভিযানত উৎকোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ কৰে তপন শ্বাহা নামৰ কৰ্মচাৰীজনক।
বিশ্বনাথ জিলাৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ ডিলিং সহায়ক শ্ৰী তপন সাহা।
অভিযোগ কাৰীৰ পৰা ভূমি পঞ্জীয়ন প্ৰক্ৰিয়াকৰণৰ বাবদ ঘোঁচ দাবী কৰি ধন লওঁতেই গ্ৰেপ্তাৰ কৰা হয় কৰ্মচাৰীজন।
মাটি পঞ্জীয়নৰ নামত এজন লোকৰ পৰা তপন সাহা বিচাৰিছিল ৭ হাজাৰ টকা।









