অসমত পুনৰ গ্ৰেপ্তাৰ হ’ল দুই ৰােহিংগীয়া মুছলমান, জম্মু-কাশ্মীৰৰ পৰা প্ৰৱেশ কৰিছিল অসমত…

অসমত পুনৰ গ্ৰেপ্তাৰ হৈছে ৰােহিংগীয়া মুছলমান।

আৰক্ষীৰ জালত জম্মু-কাশ্মীৰৰ পৰা অসমত প্ৰৱেশ কৰা দুই ৰােহিংগীয়া মুছলমান।

কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুই ৰােহিংগীয়াক।

সোমবাৰে পুৱা কলকাতা সামৰিক চোৰাংচোৱা আৰু বদৰপুৰ আৰক্ষীয়ে ষ্টেচন চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰে জামাল হুছেইন (২৬) আৰু আমিৰ হাকিম (১৮) নামৰ দুই ৰােহিংগীয়া মুছলমানক।

লগতে তেওঁলোকৰ পৰা জব্দ কৰা হৈছে এটা মোবাইল ফোন আৰু নগদ ১০২৩৯ টকা।

সম্প্ৰতি আৰক্ষীয়ে দুয়োগৰাকীকে জেৰা অব্যাহত ৰাখিছে।

মঙলবাৰে দুয়ােজনকে কৰিমগঞ্জ জিলা আদালতত হাজিৰ কৰা হয়।