অসম

শোকাৱহ! বাঁহৰ সাঁকো পাৰ হ’বলৈ চেষ্টা কৰোতেই নদীত পৰি যুৱকৰ সলিল সমাধি…

এক শোকাৱহ ঘটনা।

বাঁহৰ সাঁকো পাৰ হ’বলৈ চেষ্টা কৰোতেই নদীত পৰি সলিল সমাধি ঘটিল এজন যুৱকৰ।

মৃত যুৱক জন নাজিৰাৰ হুদুপাৰাৰ ৩৬ বছৰীয়া ব্ৰজেন গগৈ।

শিৱসাগৰৰ নামতিৰ নামদাং নদীত উদ্ধাৰ হৈছে ব্ৰজেনৰ মৃতদেহ।

image 173

সোমবাৰৰ পুৱাৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন।

নদীত উদ্ধাৰ হৈছিল যুৱকজনৰ টুপী আৰু ছেণ্ডেল।

ইয়াৰ পিছতে এছডিআৰএফে অভিযান চলাই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

যুৱকজনৰ মৃত্যুৰ খবৰে অঞ্চলজুৰি সৃষ্টি কৰিছে শোকৰ ছাঁ।