শোকাৱহ! শুই থকা অৱস্থাতে সৰ্প দংশনত মৃত্যু এগৰাকী মহিলাই, কলৰ ভূৰ সাজি উটুৱাই দিলে পৰিয়ালে

এক অতি শোকাৱহ ঘটনা।

শুই থকা অৱস্থাতে সৰ্প দংশনত মৃত্যুক আকোঁ‌ৱালি ল’লে এগৰাকী মহিলাই।

নলবাৰীৰ বৰভাগৰ মৌৰাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

মৃত মহিলাগৰাকী মাকণি কলিতা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বৃহস্পতিবাৰে দুপৰীয়া শুই থকা অৱস্থাতে বিষাক্ত সৰ্পই দংশন কৰিছিল মাকণি কলিতাক।

তাৰ পিছত পৰিয়ালৰ লোকে নলবাৰী চিভিল হস্পতালত ভৰ্তি কৰাইছিল যদিও স্বাস্থ্যৰ অৱস্থা শোচনীয় হোৱাত চিকিৎসকে GMCHলৈ প্ৰেৰণ কৰে।

GMCHত বিগত তিনিদিন ধৰি চিকিৎসাধীন হৈ থকাৰ অন্তত সোমবাৰে মহিলা গৰাকীৰ মৃত্যু হয়।

ইপিনে মহিলাগৰাকীৰ নশ্বৰ দেহ দাহনৰ পৰিৱৰ্তে পৰিয়ালৰ লোকে উটুৱাই দিব ব্ৰহ্মপুত্ৰ নদীত।

পৰম্পৰা আৰু লোকবিশ্বাস অনুসৰি পৰিয়ালৰ লোকে মুকালমুৱাত ব্ৰহ্মপুত্ৰ নদীৰ কাপলাবড়ী ঘাটত কলৰ ভূৰ সাজি উটুৱাই দিয়ে মহিলাগৰাকীৰ নশ্বৰ দেহ।

মৃ্ত্যুৰ পাছত নলবাৰীৰ ঘৰলৈ লৈ গৈ অন্তিম সৎকাৰৰ সলনি গাঁওবাসী আৰু পৰিয়ালে মিলি কলৰ ভুৰত উটুৱাই দিয়ে মৃতদেহ।