শোকাৱহ! ব্ৰইলাৰ ফাৰ্মৰ বৈদ্যুতিক ফান্দত লাগি কৰুণ মৃত্যুক সাৱটিলে বাসুদেৱে…

এক শোকাৱহ ঘটনা।

বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী যুৱকে।

কামৰূপ জিলাৰ বকোত ১ নং ভাটি পাৰা গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

মৃত যুৱক জনৰ নাম বাসুদেৱ ৰাভা(২২) বুলি জানিব পৰা গৈছে।

জানিব পৰামতে গাঁৱখনৰ যুৱক বাসুদেৱ ৰাভাই (২২) সন্ধিয়া ঘৰৰ কাষৰে অমিত ৰাভা নামৰ লোকগৰাকী ব্ৰইলাৰ ফাৰ্মত সোমায়। সেই সময়তে বিদ্যুৎস্পৃষ্ট হয় যুৱকজন।

অভিযোগমতে ব্ৰইলাৰ ফাৰ্মৰ মালিক অমিত ৰাভাই শিয়াল, হেপা আদি সোমোৱাত বাধা দিবলৈ ফাৰ্মখনৰ চাৰিওফালে তাঁৰ মেৰিয়াই বিদ্যুৎ সংযোগ কৰি ৰাখিছিল।

সেই তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ যুৱকগৰাকীৰ থিতাতে মৃত্যু হয়।

যি ঘটনাই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে শোকৰ ছাঁ।