বিলাসী বাহনেৰে পথৰ দাঁতিত এৰাল দি থোৱা ছাগলী চুৰি কৰিবলৈ আহি ধৰা পৰিল চোৰ।
উত্তম মাধ্যম সোধাই আৰক্ষীক গটালে স্থানীয় ৰাইজে।
শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপাৰাত সংঘটিত হয় এই ঘটনা।
বুধবাৰে ৰাইজে এখন বিলাসী বাহন সহ এটা ছাগলী চোৰক কৰায়ত্ত কৰি আৰক্ষীৰ হাতত গটাই দিয়ে।
জানিব পৰা মতে, গৌৰিসাগৰৰ শান্তিপাৰাত AS05B6886 নম্বৰৰ এখন বিলাসী চেভ্ৰ’লেট বাহনত অহা চোৰে পথৰ দাঁতিত এৰাল দি থোৱা ছাগলীৰ জাকৰ পৰা এটা ছাগলী গাড়ীত ভৰাই পলাবলৈ খোজোঁতেই চোৰটো স্থানীয় লোকৰ দৃষ্টিগোচৰ হয়।
লগে লগে স্থানীয় ৰাইজে চোৰটোক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰি উত্তম মাধ্যম দিয়ে আৰু আৰক্ষীক গটাই দিয়ে।
ধৃত চোৰটোক মহম্মদ জমিৰ উদ্দিন আহমেদ বুলি চিনাক্ত কৰা হৈছে।
ইফালে সুযোগ বুজি ঘটনাস্থলিৰ পৰা পলায়ন কৰে অন্য তিনিটা চোৰ।
আৰক্ষীয়ে বিলাসী বাহন খনত তালাচী চলোৱাত উদ্ধাৰ হয় আন ৬ টাকৈ চুৰি ছাগলী।
আৰক্ষীয়ে ঘটনাস্থলিৰ পৰা পলাই যোৱা আন তিনিজন চোৰৰ সন্ধানত এতিয়াও অভিযান অব্যাহত ৰাখিছে।









