চাঞ্চল্যকৰ! আদালত চৌহদৰ পৰা পলায়ন দুৰ্ধৰ্ষ অপৰাধী গেৰজাইসহ তিনি অপৰাধী…

এক চাঞ্চল্যকৰ ঘটনা।

আদালত চৌহদৰ পৰা পলায়ন দুৰ্ধৰ্ষ অপৰাধী গেৰজাইসহ তিনি অপৰাধী।

ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত সংঘটিত হৈছে এই ঘটনা।

ঢকুৱাখনা আদালতৰ শৌচাগাৰৰ খিৰিকী ভাঙি পলায়ন কৰে গেৰজাই ওৰফে ৰাজু বৰুৱাসহ তেওঁৰ দুই সতীৰ্থ অপৰাধী।

পলায়ন কৰা আন দুগৰাকী অপৰাধী হৈছে যতীন তামুলী আৰু সোণটি দাস।

জানিব পৰা মতে, আৰক্ষীয়ে অপৰাধী তিনিজনক ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতত হাজিৰ কৰিবলৈ আনিছিল। কিন্তু আদালতৰ লকআপৰ ভিতৰত থকা শৌচাগাৰৰ ভিতৰৰ খিৰিকীৰ গ্ৰীল, গ্লাছ ভাঙি পলায়ন কৰে তিনিওজনে।

পূৰ্বেও আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল গেৰজাই। ২২ জানুৱাৰিত গেৰজাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড ৱাৰ্ডৰ পৰা পলায়ন কৰিছিল।

উল্লেখ্য যে, বিভিন্ন অপৰাধমূলক ঘটনাৰ সৈতে জড়িত গেৰজাই যোৱা বৰ্ষৰ ২৪ ছেপ্তেম্বৰত আৰক্ষীৰ এনকাউণ্টাৰত গুৰুতৰভাৱে আহত হৈছিল।

এনে এজন দুৰ্ধৰ্ষ অপৰাধী দুবাৰকৈ পলাই যোৱা ঘটনাই স্বাভাৱিকতে লখিমপুৰ আৰক্ষীৰ দুৰ্বল ভুমিকাকে উদঙাই দিছে।