ৰহস্যজনক! বহিঃৰাজ্যত মৃত্যু অসমৰ অভিযন্তা ত্ৰিদীপ কোঁৱৰৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ…

এক চাঞ্চল্যকৰ ঘটনা, পুনৰ বহিঃৰাজ্যত মৃত্যুক সাৱটিলে অসমৰ যুৱকে।

বাংগালুৰুত ৰহস্যজনকভাৱে মৃত্যু নাৰায়ণপুৰৰ অভিযন্তা ত্ৰিদীপ কোঁৱৰৰ।

বাংগালুৰত কোনো এটা ব্যক্তিগত প্ৰতিষ্ঠানত অভিযন্তা হিচাপে কৰ্মৰত আছিল যুৱকজন।

মৃত্যুৰ দুদিনৰ পূৰ্বে পদোন্নতি লাভ কৰিছে ত্ৰিদীপে।

ফুড অভিযন্তা হিচাপে এটা কোম্পানীত কৰ্মৰত ত্ৰিদীপ কোঁৱৰ আঠমহলীয়া এক বিল্ডিঙৰ পৰা পৰি মৃত্যু হয় বুলি ত্ৰিদীপৰ পৰিয়াললৈ খবৰ আহে৷

645
ৰহস্যজনক! বহিঃৰাজ্যত মৃত্যু অসমৰ অভিযন্তা ত্ৰিদীপ কোঁৱৰৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ... 2

ইপিনে ত্ৰিদীপৰ এই আকস্মীক মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে।

পৰিয়ালৰ সন্দেহ যে এই পদোন্নতিয়ে ত্ৰিদীপৰ বাবে কাল হ’ল৷ ঈৰ্ষাত ভোগা কোনো সহকৰ্মীয়ে ত্ৰিদীপক পৰিকল্পিতভাৱে হত্যা কৰা বুলি সন্দেহ কৰিছে পৰিয়ালে।

অৱশ্যে এইয়া হত্যা নে আত্মহত্যা এতিয়ালৈ পোহৰলৈ অহা নাই।

নাৰায়ণপুৰৰ অশোক গাঁৱৰ নিবাসী প্ৰফুল্ল কোঁৱৰৰ একমাত্ৰ পুত্ৰ ত্ৰিদীপৰ মৃতদেহ যোৱানিশা ঘৰলৈ অনা হয়।

ত্ৰিদীপৰ অকাল মৃত্যুৰ ঘবৰে এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে শোকৰ ছাঁ।