তিৰংগা ব’ট ৰেলী! স্বাধীনতা দিৱস উপলক্ষে ব্ৰহ্মপুত্ৰৰ বুকুত এক নান্দনিক দৃশ্য…

আজিৰে পৰা তিনিদিনীয়াকৈ দেশত উদযাপন হৈছে স্বাধীনতা দিৱস। ঘৰে ঘৰে উৰিছে ত্ৰিৰংগা।

দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে।

শনিবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰভাত ফেৰী কাৰ্যসূচীৰে বিশাল সমদল উলিওৱা হৈছে।

image 99
তিৰংগা ব’ট ৰেলী! স্বাধীনতা দিৱস উপলক্ষে ব্ৰহ্মপুত্ৰৰ বুকুত এক নান্দনিক দৃশ্য... 3

স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে ধুবুৰীত দেখা গ’ল নান্দনিক দৃশ্য। ব্ৰহ্মপুত্ৰৰ বুকুত ৭৫খন নাও সুন্দৰকৈ সজাই তোলা হৈছে।

‘আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ধুবুৰী জিলা প্ৰশাসনে ধুবুৰী আৰক্ষী আৰু বিএছএফৰ সহযোগত মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত আয়োজন কৰিছে এক ‘তিৰংগা ব’ট ৰেলী’ৰ।

image 100
তিৰংগা ব’ট ৰেলী! স্বাধীনতা দিৱস উপলক্ষে ব্ৰহ্মপুত্ৰৰ বুকুত এক নান্দনিক দৃশ্য... 4

৭৫খন মেচিন নাও ত্ৰিৰংগা আৰু বেলুনেৰে সুন্দৰকৈ সজাই পৰাই তোলা হয় এই ৰেলীৰ বাবে।

ধুবুৰী কাচাৰী ঘাটৰ পৰা চালাকুৰা চৰলৈ উলিওৱা এই ৰেলীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।