অসম আৰক্ষীৰ ৪ বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পাৰদৰ্শিতাৰ বঁটা

নিউজ ডেস্ক। অসমৰ চাৰিগৰাকী আৰক্ষী বিষয়াই দক্ষতাৰে চলোৱা অনুসন্ধানৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে আগবঢ়োৱা পাৰদৰ্শিতাৰ বঁটা (Medal For Excellence -Investigation)  লাভ কৰিছে।

G1 3
অসম আৰক্ষীৰ ৪ বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পাৰদৰ্শিতাৰ বঁটা 3

শুকুৰবাৰে ঘোষণা কৰা অনুসৰি হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস, হোজাই সদৰৰ উপ-আৰক্ষী অধীক্ষক ৰ’জী তালুকদাৰ, ডিমা হাছাও জিলাৰ সশস্ত্ৰ শাখাৰ উপ-পৰিদৰ্শক নাৰায়ণ শ‍ইকীয়াই কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ পাৰদৰ্শিতা বঁটা লাভ কৰিছে।

image 90
অসম আৰক্ষীৰ ৪ বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পাৰদৰ্শিতাৰ বঁটা 4

উল্লেখ্য যে ভাৰতবৰ্ষৰ সৰ্বমুঠ ১৫১ গৰাকী আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ এই বিশেষ সন্মান।