ভাল খবৰ! অসমৰ চাৰিগৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অনুসন্ধান পাৰদৰ্শিকতা বঁটা…

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীলৈ সুখবৰ।

৪ গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদক।

অনুসন্ধানত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই পদক।

হোজাই জিলাৰ দুই শীৰ্ষ আৰক্ষী বিষয়া ক্ৰমে আৰক্ষী অধীক্ষক শ্ৰী বৰুন পুৰকায়স্থ আৰু উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰলৈ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ Medal for excellence ( investigation) বাবে নিৰ্বাচিত।

কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসলৈ এই বঁটা।

আনহাতে উপ-পৰিদৰ্শক নাৰায়ণ শইকীয়াও এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে।

ভাৰতবৰ্ষৰ সৰ্বমুঠ ১৫১ গৰাকী আৰক্ষী বিষয়ালৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ এই বিশেষ সন্মান।