কংগ্ৰেছত মোক্ষম আঘাত! দলত্যাগ কৰিলে প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই…

কংগ্ৰেছ দলত আন এক মোক্ষম আঘাত।

দলত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱাই।

শুকুৰবাৰে কংগ্ৰেছ দল আনুষ্ঠানিক ভাবে ত্যাগ কৰে ডাঃ দুৰ্লভ চমুৱাই।

ইতিমধ্যে চমুৱাই পদত্যাগ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰালৈ প্ৰেৰণ কৰিছে।

প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দুৰ্লভ চমুৱা সাধৰণ সম্পাদক তথা মিডিয়া পেনেলিষ্টৰ দায়িত্বত আছিল।

উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হৈছিল ডা: চমুৱা।

ইয়াৰ পিছৰ পৰাই দলীয় সভা-সমিতিত দেখা নগৈছিল ডাঃ চমুৱাক।

আনকি বিধানসভা নিৰ্বাচনৰ পিছৰ পৰাই দুৰ্লভ চমুৱাই কংগ্ৰেছ দল ত্যাগ কৰিব বুলি প্ৰায় চৰ্চা চলি আছিল

Leave a Comment