অসম

মহানগৰীত চাঞ্চল্যকৰ ঘটনা! কৰ্মস্থলীৰ প্ৰস্ৰাৱগাৰত উদ্ধাৰ বিদ্যুৎ বিকাশৰ মৃতদেহ…

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

কৰ্মস্থলীৰ প্ৰস্ৰাৱগাৰত উদ্ধাৰ লক্ষিমপুৰৰ যুৱক বিদ্যুৎ বিকাশ দত্তৰ (৩৪) মৃতদেহ।

গুৱাহাটী মহানগৰীৰ ভঙাগড়ৰৰ পল্লৱী মটৰ্চত এই ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হৈছে৷

প্ৰতিষ্ঠানখনৰ প্ৰস্ৰাৱগাৰৰ ভিতৰত চীপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে কৰ্মচাৰী বিদ্যুৎ বিকাশ দত্তৰ (৩৪ )মৃতদেহ৷

পল্লৱী মটৰ্চত team leader হিচাপে কৰ্মৰত আছিল বিদ্যুৎ।

জানিব পৰা মতে, দুবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল বিদ্যুৎ।

বৰ্তমানে পত্নীৰ সৈতে গুৱাহাটীতে থাকে বিদ্যুৎ বিকাশ দত্ত।

ইতিমধ্যে ঘটনাস্থলিত ভঙাগড় আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *