ৰাজ্যৰ এটা অংগনবাড়ী কেন্দ্ৰত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা।
অংগনবাড়ী কেন্দ্ৰত গাখীৰ বুলি ফেনাইল খুৱালে কণকণ ছাত্ৰ-ছাত্ৰীক।
ফেনাইল খাই গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে ১০ গৰাকীকৈ কন কন ছাত্ৰ-ছাত্ৰী।
তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ন-মাইঠং অংগনবাড়ী কেন্দ্ৰত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন।
লগে লগে অসুস্থ শিশুসকলক চিকিৎসাৰ বাবে কাকপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।
পিছলৈ উন্নত চিকিৎসাৰ বাবে আটাইকেইটা শিশুক তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয়।









