আৰক্ষীৰ অভিযানত জব্দ কেইবাখনো নকল সোণৰ নাও।
নগাঁও আৰক্ষীয়ে জব্দ কৰিলে ৯ খনকৈ নকল সোণৰ নাও, এটা যিশুৰ নকল সোণৰ মূৰ্তি আৰু দুখন সোণৰ বিস্কুট।
নগাঁও সদৰ থানাৰ পৰিদৰ্শক মনোজ ৰাজবংশীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বুধবাৰে নিশা অভিযান চলাই জব্দ কৰে এই নকল সোণখিনি।
নগাঁৱৰ কাটিমাৰী গ্ৰাণ্টৰ আব্দুল জব্বৰৰ ঘৰত অভিযান চলাইছিল আৰক্ষীয়ে।
আব্দুল জব্বৰৰ ঘৰত অভিযান চলোৱাৰ লগতে ৰহিমা খাতুন নামৰ এগৰাকী মহিলাৰ ঘৰতো আৰক্ষীয়ে অভিযান চলাই।
অভিযানত ৰহিমা খাতুনৰ ঘৰৰ পৰা ২৯ টাকৈ হেৰ’ইন ভৰ্তি কণ্টেনাৰ জব্দ কৰে।
লগতে আৰক্ষীয়ে আব্দুল জব্বৰ আরু ৰহিমা খাতুনক গ্ৰেপ্তাৰ কৰে।
জব্বৰৰ স্বীকাৰোক্তি মতে নকল সোণখিনি বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ মৈৰাবাৰীলৈ লৈ যোৱাৰ কথা আছিল।









