উচ্ছেদক লৈ জ্বলিছে গৰুখুটি, আৰক্ষীৰ গুলীত নিহত দুজন প্ৰতিবাদকাৰী, প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ…

উচ্ছেদিতৰ প্ৰতিবাদে কঁপাইছে ছিপাঝাৰ।

ছিপাঝাৰ ধলপুৰত চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান।

 বৃহস্পতিবাৰে ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰ বজাৰ এৰিয়া, পশ্চিম চুবা, ১ নং ধলপুৰ আৰু ৩ নং ধলপুৰত পৃথকে পৃথকে চলাইছে উচ্ছেদ অভিযান।

কিন্তু ১ নং ধলপুৰ আৰু ৩ নং ধলপুৰত উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে।

হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে পৰিস্থিতি জটিল কৰি তুলিছে।

আনকি অভিযোগ অনুসৰি, একাংশই হাতে হাতে লাঠি লৈ আৰক্ষীলৈ চোঁচা লৈছে। ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী চলাবলগীয়া হয়।

যাৰ ফলত আৰক্ষীৰ গুলীত নিহত দুজন প্ৰতিবাদকাৰী।

আনহাতে আহত হৈছে এগৰাকী মহিলা কনিষ্ঠৱলসহ ৮ গৰাকী আৰক্ষী।

আঘাত প্ৰাপ্ত আৰক্ষী কনিষ্ঠৱলসকলক চিকিৎসালয়লৈ প্ৰেৰণ।

আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগৰ উপৰিও শূন্যলৈ গুলীচালনা।

আনহাতে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে কয়- আৰক্ষীৰ ওপৰত আক্ৰমণ চলিছে, দা-জাঠি লৈ আৰক্ষীৰ ওপৰত আক্ৰমণ হৈছে। উপায়ন্তৰ হৈ আৰক্ষীয়ে গুলি চলাবলগীয়া হৈছে। প্ৰতি মূহূৰ্তৰ খবৰ মোৰ ওচৰলৈ আহি আছে৷ আজি ৪ বজালৈ উচ্ছেদ চলিব৷ আজি শেষ নহ’লে কাইলৈ আকৌ চলিব।

Leave a Comment