নগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী পদৰ পৰা পদত্যাগ আৰ এন ৰবিৰ।
এন এছ চি এন (আই–এম)ৰে শান্তি আলোচনাৰ বিষয় চলি থকাৰ মাজতে ২০১৪ চনৰ পৰা নগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি অহা নাগালেণ্ডৰ পূৰ্বৰ ৰাজ্যপাল আৰ এন ৰবিয়ে পদত্যাগ কৰে।
যোৱা ৯ ছেপ্টেম্বৰত আৰ এন ৰবিক তামিলনাডুৰ ৰাজ্যপাল হিচাবে নাগালেণ্ডৰ পৰা বদলি কৰা হৈছিল।
ৰবিয়ে প্ৰেৰণ কৰা পদত্যাগ পত্ৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয় গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে এন এছ চি এন মুৰব্বী থুইংগালেং মুইভাৰ সৈতে মতবিৰোধ হোৱাত মুইভাই ২০২০ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ লিখি ৰবিক মধ্যস্ততাকাৰী পদৰ আঁতৰাবলৈ আহবান জনাইছিল।
মুইভাৰ পত্ৰৰ পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে কেন্দ্ৰীয় গৃহী সচিব জৰিয়তে আৰ এন ৰবিৰ ঠাইত পূৰ্বৰ চোৰাংচোৱা বিভাগৰ অতিৰিক্ত সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰক আলোচনা আগবঢ়াই নিবলৈ কৰ্তত্ব প্ৰদান কৰে।
উল্লেখ যে চলিত বৰ্ষৰ জুলাই মাহত অৱসৰ গ্ৰহণ কৰা মিশ্ৰই বিগত বৰ্ষৰ পৰা নগা শান্তি চুক্তি সম্পন্ন কৰিবলৈ নগা গোটসমূহৰ সৈতে বাৰ্তালাপ অব্যাহত ৰাখি আহিছে।









