কোকৰাঝাৰৰ ডিংডিঙা ঠাকুৰপুৰ গাঁৱত এক উখল-মাখল পৰিৱেশ।
আনন্দ-স্ফূৰ্তিৰ মাজেৰে সকলোৱে অধিৰ আগ্ৰহেৰে বাট চাইছে মানুহজনলৈ।
অৱশেষত অপেক্ষাৰ অন্ত পেলাই পদূলিমুখত ৰ’লেহি গাড়ীখন।
দৰা আহিছে দৰা আহিছে বুলি সকলোৱে দৌৰিছে দৰাক আদৰিবলৈ।

নাকত ৰুমাল লৈ গাড়ীৰ পৰা ধীৰ-গম্ভীৰে নামিল দৰা। হয় সেইজনেই। দৰাৰ সাজত শুকুৰ আলী।
সততে ছচিয়েল মিডিয়াত চৰ্চিত শুকুৰ আলী দৰা সাজত চাবলৈ ভিৰ কৰিলে বহুজনে।
তাৰ পিছতেই ধৰ্মীয় ৰীতি-নীতিৰে যুগ্ম জীৱনৰ পাতনি মেলিলে শুকুৰ আলীয়ে।

সোমবাৰে বিবাহপাশত আবদ্ধ হ’ল সততে ছ’চিয়েল মিডিয়াত চৰ্চাত থকা শুকুৰ আলী।
কোকৰাঝাৰৰ ডিংডিঙা ঠাকুৰপুৰ গাঁৱত শুকুৰৰ কইনা।

সপিক মিঞাৰ কন্যা সমিনা খাতুনৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে শুকুৰে।
সমাজক সাক্ষী কৰি ইছলাম ধৰ্মীয় ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হ’ল শুকুৰ।
প্ৰায়ে সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য ৰাখিবলৈ আগবাঢ়ি অহা শুকুৰে কিন্তু বিয়াৰ দিনা কোনো মন্তব্য নকৰিলে সংবাদ মাধ্যমৰ আগত।










1 thought on “জীৱনসংগিনী বিচাৰি ল’লে শুকুৰ আলীয়ে, ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন হ’ল শুকুৰৰ বিবাহ…”
Comments are closed.