মইনা নায়কৰ ঘটনাৰ পুনৰাবৃত্তি! ফেক্টৰীৰ গেছ পাইপ বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত শ্ৰমিক

মইনা নায়কৰ ঘটনাৰ পুনৰাবৃত্তি।

এইবাৰ মৰিয়নিৰ চেলেং চাহ বাগিছাৰ কলঘৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।

ফেক্টৰীৰ গেছ পাইপ বিস্ফোৰণৰ ফলত গুৰুতৰভাৱে আহত এজন শ্ৰমিক।

মদন পাতৰ নামৰ এগৰাকী কৰ্মৰত শ্ৰমিকৰ বাওঁভৰি সম্পূৰ্ণৰূপে ভাগি যায়।

জানিব পৰা মতে, চেলেং চাহ বাগিছাৰ ৪ নম্বৰ লাইনৰ মদন পাতৰ নামৰ এজন শ্ৰমিকে বাগিছাৰ গেছ পাইপ লাইনত কাম কৰি থাকোতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। বাগিছাৰ ফেক্টৰীৰ ভিতৰত গেছ পাইপৰ বিস্ফোৰনত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় শ্ৰমিকজন।

কিন্তু বাগিছাৰ কতৃপক্ষই এই ঘটনাক গাপ দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে। কিয়নো বাগিছা কৰ্তৃপক্ষই মদনৰ চিকিৎসাৰ ক্ষেত্ৰত লোৱা নাই কোনো ব্যৱস্থা।

অভিযোগ অনুসাৰে, গেছ পাইপ লাইনৰ কাম কৰোতে পৰ্যাপ্ত নিৰাপদ পোচাকো যোগান ধৰা নাছিল চেলেং বাগিছা কতৃপক্ষই।

বৰ্তমানে এজন ভাল চিকিৎসক বিচাৰি হাবাথুৰি খাইছে দৰিদ্ৰ মদন পাতৰৰ পৰিয়ালে।

নিজৰো আৰ্থিক অৱস্থা তেনেই দূৰ্বল, ফেক্টৰীৰ ফালৰ পৰাও নাই কোনো সহায়ৰ হাত।

১৭ বছৰীয়া মদন পাতৰে মাত্ৰ ৩ মাহ পূৰ্বে চেলেং বাগিছাৰ ফেক্টৰীত কয়লাৰ গেছ পাইপৰ কৰ্মচাৰী হিচাপে যোগদান কৰিছিল।