এক শোকাৱহ ঘটনা।
বিদ্যুৎস্পৃষ্ট হৈ একেটা পৰিয়ালৰ তিনিজনে সাৱটিলে কৰুণ মৃত্যুক।
এই ঘটনা সংঘটিত হৈছে কলকাতাৰ খাৰদাহ অঞ্চলত।
ঘৰত জমা হোৱা পানীত বিদ্যুৎস্পৃষ্ট হৈ এটা চাৰিজনীয়া পৰিয়ালৰ তিনিজনকৈ সদস্যই মৃত্যুমুখত পৰে।
এই কৰুণ ঘটনাটোত ১০ বছৰীয়া পুত্ৰ সন্তানসহ পিতৃ-মাতৃয়ে প্ৰাণ হেৰুৱায়।
জানিব পৰা মতে পৰিয়ালটোৰ মুৰব্বী লোকজনে মোবাইল চাৰ্জ দিব লওতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে আৰু তেওঁক বচাবলৈ গৈ পত্নী আৰু জ্যেষ্ঠ পুত্ৰৰো মৃত্যু হয়।
আনহাতে ঘটনাটো সংঘটিত হোৱাৰ সময়ত ৪ বছৰীয়া কনিষ্ঠ পুত্ৰই বিছনাত বহি এই ভয়লগা দৃশ্য প্ৰত্যক্ষ কৰিছিল।
কণমানিটোৱে চিঞৰি চিঞৰি কন্দা শুনি ওচৰ চুবুৰীয়া উপস্থিত হৈ ততাতৈয়াকৈ আটাইকেইজনকে চিকিৎসালয়লৈ নিয়ে যদিও আটাইকেইজনৰে মৃত্যু হোৱা বুলি চিকিৎসকে জানিব দিয়ে।
উল্লেখ্য যে কলকাতাৰ খাৰদাহস্থিত ৰাজা দাস আৰু তেওঁৰ পৰিয়ালটো থকা চৰকাৰী কোৱাৰ্টাৰটোত বৰষুণৰ বাবে পানী জমা হৈছিল। যাৰ ফলত এই ঘটনা সংঘটিত হয়।









