প্ৰমােদ ভ্ৰমণলৈ যােৱা এইখন জিলাৰ ডিটিঅ’ক নিলম্বনৰ নিৰ্দেশ পৰিবহণ আয়ুক্তৰ…

নিউজ ডেস্ক। অকৰ্তৃত্বশীলভাৱে বহিঃৰাজ্যলৈ প্ৰমােদ ভ্ৰমণলৈ গৈ নিলম্বিত হ’ল এগৰাকী জিলা পৰিবহণ বিষয়া।

এই বিষয়াজন হৈছে হাইলাকান্দিৰ জিলা পৰিবহণ বিষয়া (ডি টি অ’) অপু মজুমদাৰ।

ঊর্ধ্বতন কৰ্তৃপক্ষৰ প্ৰয়োজনীয় অনুমতি অবিহনে কর্তব্যস্থলীত অনুপস্থিত থকাৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে মজুমদাৰক।

G01 2
প্ৰমােদ ভ্ৰমণলৈ যােৱা এইখন জিলাৰ ডিটিঅ’ক নিলম্বনৰ নিৰ্দেশ পৰিবহণ আয়ুক্তৰ... 3

জানিব পৰা মতে, ডি টি অ’ অপু মজুমদাৰে বিভাগীয় নিয়ম অনুসৰি কোনো ছুটী নোলোৱাকৈ অথবা কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে যোৱা ১৫ জুনত নতুন দিল্লীৰে সমীপৱৰ্তী গুৰুগ্ৰামলৈ যায়।

হাইলাকান্দি জিলাৰ উপায়ুক্ত ৰোহণ কুমাৰ ঝাই এই বিষয়টো পৰিবহণ বিভাগৰ দৃষ্টিগোচৰ কৰে।

তেতিয়া পৰিবহণ আয়ুক্তই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিষয়াজনক চাকৰিৰ পৰা নিলম্বিত কৰিবলৈ নির্দেশ দিয়ে।

লগতে আদিল খানে সহকাৰী আয়ুক্ত পৰ্যায়ৰ এজন বিষয়াৰ জৰিয়তে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ কাম কাজ পৰিচালনা কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰি নিলম্বিত ডিটিঅ’ গৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ ব্যৱস্থাৰাে নিৰ্দেশ দিছে পৰিবহণ আয়ুক্তই।

লগতে চাওকঃ

অৱসৰপ্ৰাপ্ত নাৰ্ছৰ পেঞ্চনৰ কামৰ ববাদ ৫ হাজাৰ টকাৰ উৎকােচ লৈ ৰঙাঘৰত জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ উচ্চ বৰ্গৰ সহায়ক

G8 4
প্ৰমােদ ভ্ৰমণলৈ যােৱা এইখন জিলাৰ ডিটিঅ’ক নিলম্বনৰ নিৰ্দেশ পৰিবহণ আয়ুক্তৰ... 4

1 thought on “প্ৰমােদ ভ্ৰমণলৈ যােৱা এইখন জিলাৰ ডিটিঅ’ক নিলম্বনৰ নিৰ্দেশ পৰিবহণ আয়ুক্তৰ…”

Comments are closed.