অসমঅসমীয়া

ক’ভিড হাস্পতালৰ পৰা পলায়ন কৰা ড্ৰাগছ সৰবৰাহকাৰী নেকিবুৰক পুনৰ গ্ৰেপ্তাৰ…

নিউজ ডেস্ক। দুদিন পূৰ্বে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালৰ পৰা চিকিৎসাধীন অৱস্থাতে পলায়ন কৰা অপৰাধী নেকিবুৰ ৰহমানক পুনৰ গ্ৰেপ্তাৰ আৰক্ষীৰ।

ড্ৰাগছ সৰবৰাহকাৰী নেকিবুৰক আৰক্ষীয়ে চকীটোপৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

photo1658143646

উল্লেখ্য যে যােৱা ১১ জুলাইত নগাঁও কলেজ চকৰ ওচৰত এখন টমটমত নিচাযুক্ত ঔষধ আনি থকা অৱস্থাত নেকিবুৰক গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে।

ইয়াৰ এদিন পিছত নেকিবুৰৰ স্বাস্থ্য পৰীক্ষা কৰোৱাত ক’ভিডৰ উপস্থিতি ধৰা পৰাত নেকিবুৰক ক’ভিড হাস্পতালত ভৰ্তি কৰোৱা হয়।

ছয়দিন ধৰি চিকিৎসাধীন হৈ থকা নেকিবুৰে মাজনিশা ক’ভিড হাস্পতালখনৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল।

জানিব পৰা মতে, নেকিবুৰ ৰহমানৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এন ডি পি এছ এক্টৰ অধীনত ৮১২/২੦২২ নম্বৰত এটা গোচৰ পঞ্জীভুক্ত হৈ আছে।