এক ভয়ংকৰ পথ দুৰ্ঘটনা।
চিমেণ্ট ভৰ্তি ট্ৰাকত প্ৰচণ্ড খুন্দা আৰ্টিগা বাহনৰ।
দুৰ্ঘটনাটোত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে ৫ জনকৈ লোক।
লখিমপুৰ জিলাৰ বগীনদীৰ চৈধ্য মাইলত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
জানিব পৰা অনুসৰি গোগামুখৰ পৰা লখিমপুৰ সদৰ অভিমুখি এখন আৰ্টিগৈ বাহনে এখন চিমেণ্ট ভৰ্তি ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
দুৰ্ঘটনাত আৰ্টিগা বাহনখনত থকা শিশুসহ পাঁচজনকৈ লোক গুৰুতৰভাৱে আহত হয়।









