ৰাষ্ট্ৰপতি নিৰ্বাচনত যশৱন্ত সিনহাক সমৰ্থন আগবঢ়াব আম আদমী পাৰ্টিয়ে…

ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী দলৰ যুটীয়া প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন আগবঢ়াব আম আদমী পাৰ্টিয়ে।

আম আদমী পাৰ্টীয়ে শনিবাৰে স্পষ্ট কৰি দিছে যে, আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত যুটীয়া বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন কৰিব।

আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে এই ঘোষণা কৰে।

আম আদমী পাৰ্টিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে।

image 161
ৰাষ্ট্ৰপতি নিৰ্বাচনত যশৱন্ত সিনহাক সমৰ্থন আগবঢ়াব আম আদমী পাৰ্টিয়ে... 2

আপৰ ৰাজ্যসভাৰ সদস্য সঞ্জয় সিঙে কয়, ‘দ্ৰৌপদী মুৰ্মুৰ প্ৰতি আমাৰ সন্মান আছে। কিন্তু ৰাষ্ট্ৰপতি পদৰ বাবে এই নিৰ্বাচনত আমি বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন কৰিম।’

উল্লেখ্য যে, ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চিভিল লাইনৰ বাসগৃহত আপৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল।

পিএচিৰ বৈঠকত উপস্থিত থাকে অৰবিন্দ কেজৰিৱাল, মনীষ চিছোদিয়া, সঞ্জয় সিং, গোপাল ৰায়, আতিশী মাৰ্লেনা, ৰাঘৱ চাধা, ইমৰান হুছেইন আৰু ৰাখী বিৰলাকে ধৰি আম আদমী দলৰ ১১ জন সদস্য।