গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বাহন চলাই শ্বিলঙলৈ যােৱাৰ পথত দুৰ্ঘটনাত মৃত্যু অধ্যাপক বিশ্বজিত ঘােষৰ…

এক শোকাৱহ পথ দুৰ্ঘটনা।

এক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৰামানুজ গুপ্তা কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবীণ গণিত শিক্ষক বিশ্বজিৎ ঘোষৰ।

গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বাহন চলাই শ্বিলঙলৈ যােৱাৰ পথতে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ‘বিজি চাৰ’ হিচাপে জনপ্ৰিয় অধ্যাপক বিশ্বজিত ঘােষে।

image 160
গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বাহন চলাই শ্বিলঙলৈ যােৱাৰ পথত দুৰ্ঘটনাত মৃত্যু অধ্যাপক বিশ্বজিত ঘােষৰ... 3

জানিব পৰা মতে, তেওঁ নিজা মাৰুতি ৮০০ গাড়ীৰে শ্বিলং অভিমুখে গৈ থকা সময়তে জোৱাইত দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হয়। তেওঁক ততাতৈয়াকৈ নিকটতম চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

শিলচৰৰ উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে অমন বানচাল নামৰ এগৰাকী প্ৰাক্তন ছাত্ৰৰ সৈতে শ্বিলঙত থকা ভনীয়েকৰ ঘৰলৈ গৈ আছিল নিহত ঘোষ।

দুৰ্ঘটনাটোত অমন বানচাল নামৰ ছাত্ৰজনো আঘাতপ্ৰাপ্ত হয়।

উল্লেখ্য যে নিহত বিশ্বজিৎ ঘোষ ৰামানুজ গুপ্তা জুনিয়ৰ কলেজৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ প্ৰতিষ্ঠানটোৰ পৰিকল্পনা পৰ্যায়ৰ পৰাই জড়িত হৈ আছিল।

‘বিজি চাৰ’ হিচাপে জনপ্ৰিয় বিশ্বজিৎ ঘোষৰ মৃত্যুত শিলচৰত পৰিছে শোকৰ ছাঁ।

লগতে চাওকঃ

চাঞ্চল্যকৰ! আশা কৰ্মীক মৃত্যুৰ মুখলৈ ঠেলি দি দুই মহিলাই লুটি লৈ গ’ল সোণৰ কেৰু, ডিঙিৰ চেইন

G02
গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বাহন চলাই শ্বিলঙলৈ যােৱাৰ পথত দুৰ্ঘটনাত মৃত্যু অধ্যাপক বিশ্বজিত ঘােষৰ... 4