সাধাৰণ সম্পাদকৰ পাছত এইবাৰ বিজেপিলৈ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা…

গেৰুৱা বসন পিন্ধিলে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকাই।

সাধাৰণ সম্পাদকৰ পাছত এইবাৰ বিজেপিলৈ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি।

আজি হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বিজেপিত যোগদান কৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকাই।

image 157
সাধাৰণ সম্পাদকৰ পাছত এইবাৰ বিজেপিলৈ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা... 4

লগতে কটন বিশ্ববিদ্যালয়ৰ কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন NSUI আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বহু সংখ্যক শিক্ষাৰ্থী তথা সমৰ্থিত সদস্যই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

বিজেপিত যোগদান কৰাৰ পূৰ্বে নিয়ৰ ডেকাই সাংবাদিকৰ আগত কয় যে, ‘মোৰ সামাজিক কাম কৰাৰ মন আছে।সেয়ে ৰাইজৰ লগত থকাৰ সিদ্ধান্ত লৈছো।

image 159
সাধাৰণ সম্পাদকৰ পাছত এইবাৰ বিজেপিলৈ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা... 5

গুৱাহাটী, ১৬ জুলাইঃগেৰুৱা হোৱাৰ দিশে কটনৰ ছাত্ৰ একতা সভা।সাধাৰণ সম্পাদকৰ পাছত এইবাৰ বিজেপিলৈ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা।আজি বিজেপিত যোগদান কৰিব কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকাই।

image 158
সাধাৰণ সম্পাদকৰ পাছত এইবাৰ বিজেপিলৈ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা... 6

বিজেপিত যোগদান কৰাৰ পূৰ্বে নিয়ৰ ডেকাই সাংবাদিকৰ আগত কয় যে, ‘মোৰ সামাজিক কাম কৰাৰ মন আছে।সেয়ে ৰাইজৰ লগত থকাৰ সিদ্ধান্ত লৈছো। মই সদায় কটন আৰু কটনিয়ানৰ কাৰণে কাম কৰিম।সেইটো মই কথা দিছো।’

উল্লেখ্য যে, কিছুদিন পূৰ্বে কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তইও ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য্যৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল।