
চাঞ্চল্যকৰ! আশা কৰ্মীক মৃত্যুৰ মুখলৈ ঠেলি দি দুই মহিলাই লুটি লৈ গ’ল সোণৰ কেৰু, ডিঙিৰ চেইন
নিউজ ডেস্ক। এগৰাকী আশা কৰ্মীক পানীৰ সৈতে নিচাজাতীয় খুৱাই অচেতন কৰি দুই মহিলাই লুটি লৈ গল ডিঙিৰ আৰু কাণৰ সোণৰ অলংকাৰ।
এই ভয়ংকৰ কাণ্ড সংঘটিত হৈ মৰিগাঁও চহৰত। জানিব পৰা মতে, শুকুৰবাৰে আশা কৰ্মী বিউটি বণিয়া দাসক সংজ্ঞানহীন কৰি দুই মহিলাই সংঘটিত কৰে এই ঘটনা।
ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে দুপৰীয়া মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা উভটিছিল মৰিগাঁও বাখৰবড়ি নিবাসী আশা কৰ্মী বিউটি বণিয়া দাস। সেই সময়ত তেওঁৰ পিছে পিছে খোজকাঢ়ি আহি আছিল দুই মহিলাও।

বিউটি বণিয়া দাস
একেলগে খোজকাঢ়ি আহি থকাৰ সময়তে দুই মহিলাৰ সৈতে সৌজন্যতামূলক কথা বতৰা হয় আশাকৰ্মী গৰাকীৰ।
তাৰ পিছতে উৎকট গৰমৰ বাবে এগৰাকী মহিলাই বেগৰ পৰা এটা পানী বটল উলিয়াই আশাকৰ্মী বিউটি বণিয়াক যাচে।
আশাকৰ্মী গৰাকীয়েও কোনো কথা নাভাৱি বটলৰ পানী পান কৰে পিছতে পথৰ ওপৰতে অচেতন হৈ পৰে। যাৰ সুযোগ লৈ মহিলা দুগৰাকীয়ে তেওঁ পিন্ধি থকা সোন আৰু ৰূপৰ অলংকাৰ আৰু কিছু নগদ ধন লৈ উধাও হয়।

ইফালে এগৰাকী ই-ৰিক্সা চালকে পৰৱৰ্তী সময়ত আশাকৰ্মী বিউটি বণিয়াক অচেতন হৈ পৰি থকা দেখি মৰিগাঁও অসামৰিক চিকিৎসায়ত ভৰ্তি কৰোৱায়।
বর্তমান হাস্পতালতে চিকিৎসাধীন হৈ আছে আশাকৰ্মী গৰাকী।
লগতে চাওকঃ
পথাৰত কাম কৰি থকা স্বামীক চাহ দিবলৈ গৈ বজ্ৰপাতত প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই…







Pingback: গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বাহন চলাই শ্বিলঙলৈ যােৱাৰ পথত দুৰ্ঘটনাত মৃত্যু অধ্যাপক বিশ্বজিত ঘােষৰ..