আহোম সকলৰ গগৈ উপাধিক পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কৰা এক টুইটে জোকাৰিছে ৰাজ্য।
ৰাজ্যৰ বিভিন্ন দল-সংগঠনে সাংসদগৰাকীক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ পিছতে এইবাৰ এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
বিধায়ক কুর্মীয়ে ভাৰতীয় আইন অনুসৰি তৃণমূল সাংসদ মহুৱা মৈত্ৰক অসমৰ যিকোনো এখন জেইললৈ নিক্ষেপ কৰিবৰ বাবে দাবী জনাইছে।
এই সন্দৰ্ভত তেওঁ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক সাংসদগৰাকীক গ্ৰেপ্তাৰৰ বাবে আহ্বান জনাইছে।
ইয়াৰ উপৰি ভৱিষ্যতে আন ৰাজ্যৰ কোনো সাংসদে যাতে অসম তথা অসমীয়াক লৈ কোনো তৰল মন্তব্য প্ৰদান কৰাৰ সাহস নকৰে তাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ হ’বলৈ আহ্বান জনাই বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
Just for those sanghis twisting tweet to say I targetted all Gogois let me spell it out:
— Mahua Moitra (@MahuaMoitra) July 15, 2022
Mister Ranjan Gogoi. Honourable MP, Rajya Sabha. https://t.co/FKJBhNOEz8
উল্লেখ্য যে, বৃহস্পতিবাৰে লোকসভাত নতুন অসংসদীয় তালিকা প্ৰস্তুত কৰাৰ পিছতে তৃণমূলৰ সাংসদগৰাকীয়ে ‘যৌন নিৰ্যাতন’ৰ সলনি ‘মিষ্টাৰ গগৈ’ ব্যৱহাৰ কৰক বুলি এটা টুইট কৰিছিল।
ইয়াৰ পিছতে সমগ্ৰ দেশৰ লগতে অসমতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত মৈত্ৰই আন এটা টুইট কৰি কয় যে, মই সকলো গগৈকে লক্ষ্য কৰি লোৱা নাই কেৱল মিষ্টাৰ গগৈ বুলি মই ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ কথাহে কৈছো।









