আনুষ্ঠানিকভাৱে ভংগ হ’ল বিদ্ৰোহী সংগঠন KPLT, সামূহিকভাৱে দাহন কৰিলে সামৰিক পোছাক…

আজি আনুষ্ঠানিকভাৱে ভংগ কৰা হ’ল বিদ্ৰোহী সংগঠন KPLT

সামৰিক পোছাকৰ সামূহিক দাহনেৰে আনুষ্ঠানিকভাৱে ভংগ হ’ল কাৰ্বি পিপ’লছ লিবাৰেশ্যন টাইগাৰ চমুকৈ KPLT নামৰ বিদ্ৰোহী সংগঠনটো।

ডিফুৰ পাঁচ মাইলত থকা সংগঠনটোৰ ডেজিগনেটেত কেম্পত আনুষ্ঠানিকভাৱে সংগঠনটো ভংগ কৰাৰ কথা ঘোষণা কৰা হয়।

কেম্পটোৰ চোতালত সংগঠনটোৱে ব্যাৱহাৰ কৰি থকা সামৰিক পোছাকৰ লগতে অন্যান্য কিছু সামগ্ৰী সামূহিকভাৱে দাহন কৰা হয়।

সোমবাৰে পুৱাই ডেজিগনেটত কেম্পটোত সংগঠনটোৰ নেতা-সদস্য সকল সমবেত হৈ উক্ত দাহণ কাৰ্য্যসূচী ৰূপায়ন কৰে।

তাৰপাছতে অনুষ্ঠিত সংবাদমেলত সংগঠনটোৰ নেতৃত্বই আনুষ্ঠানিকভাৱে KPLT ভংগ হোৱাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে, অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ সদিচ্ছাৰ পাছত কাৰ্বি পাহাৰৰ শান্তি চুক্তি স্বাক্ষৰকাৰী এটাৰ পাছত আনটো বিদ্ৰোহী সংগঠনসমূহে নিজ সংগঠন সমূহ আনুষ্ঠানিকভাৱে ভংগ কৰা আৰম্ভ কৰে।

Leave a Comment