গুৱাহাটীৰ কেইবাটাও অঞ্চলৰ সলনি হ’ব নাম।
চেৰাবভাটি আৰু কালাপাহাৰৰ নাম সলনি।
চেৰাবভাটিৰ নতুন নাম হ’ব আৰ্যনগৰ।
কালাপাহাৰৰ নতুন নাম হ’ব নীলাচল নগৰ।
আন বহু ঠাইৰো নাম সলনিৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে।
মুখ্যমন্ত্ৰীৰ আহ্বানৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে পৌৰ নিগমে।
আনহাতে পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে ৰাইজৰ আবেদন মৰ্মে আন বহু ঠাইৰো নাম সলনিৰ বাবে চিন্তা-চৰ্চা কৰাৰ কথা সদৰি কৰে মেয়ৰ মৃগেণ শৰণীয়াই।
লগতে মহানগৰীৰ আন ৬টা স্থানৰো শীঘ্ৰেই নাম সলনি হ’ব বুলি সদৰি কৰে।









