আজি স্ব-গৃহ পাবহি মণিপুৰ ভূমিস্খলনত নিহত অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহ।
১১ দিন পিছত শনিবাৰে আবেলি উদ্ধাৰ কৰা হৈছে কমলেশ তালুকদাৰৰ মৃতদেহ।
যোৱা ২৯ জুনত মণিপুৰৰ হোৱা ভয়ংকৰ ভূমিস্খলনৰ পিছৰে পৰা নিখোজ হৈ আছিল অভিযন্তা গৰাকী।
জিৰিবাম ইম্ফল নিউ ৰেল লাইন নিৰ্মাণৰ কামত ভাৰতীয় ৰেল বিভাগত অভিযন্তা হিচাপে নিয়োজিত হৈ আছিল কমলেশ।

উল্লেখ্য যে ২১ জুনত ঘৰৰ পৰা কৰ্মস্থলী মনিপুৰ লৈ গৈছিল কমলেশ।
দেওবাৰে অভিযন্তা গৰাকীৰ মৃতদেহ লৈ ঘৰলৈ ৰওনা দিছে পৰিয়ালৰ লোক।
আজি কিছু সময় পিছতেস্ব গৃহ পাবহি অভিযন্তা গৰাকীৰ মৃতদেহ।
ইপিনে স্বামীৰ মৃত্যুত শোকত ভাঙি পৰিছে সাত মহীয়া গৰ্ভৱতী পত্নী। গৰ্ভৱতী পত্নীৰ ৰাউচিজোৰা কান্দোনে কঁপাই তুলিছে আকাশ বতাহ।
অভিযন্তা গৰাকীৰ এই অকাল মৃত্যুৰ কাৰণে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।









