মন্ত্ৰী বিমল বৰাৰ নামত ভুৱা WhatsApp খুলি প্ৰৱঞ্চনাৰ জাল, দিছপুৰ থানাত এজাহাৰ মন্ত্ৰীগৰাকীৰ…

মন্ত্ৰী বিমল বৰাৰ নামত প্ৰৱঞ্চনাৰ জাল দুষ্টচক্ৰৰ।

মন্ত্ৰীগৰাকীৰ নামত ভুৱা WhatsApp নম্বৰেৰে বিভিন্নজনলৈ মেছেজ দুষ্টচক্ৰৰ। 

7780915086 নম্বৰৰ পৰা ধন সংগ্ৰহৰ চেষ্টা দুষ্ট চক্ৰৰ।

WhatsAppৰ ডিপিতো লগাইছিল মন্ত্ৰীগৰাকীৰ ফটো।

বিভিন্ন ব্যৱসায়ী, ACS বিষয়ালৈ ধন বিচাৰি মেচেজ দিছিল দুষ্টচক্ৰটোৱে। 

ফোন কৰিব মানা কৰি মেছেজত কথা পাতিব কোৱা হৈছিল। 

ইতিমধ্য মন্ত্ৰীজনৰ নামত বহুজনৰ পৰা দুষ্ট চক্ৰটোৱে ধন সৰকাইছে বুলি অভিযোগ উঠিছে।

এই সন্দৰ্ভত দিছপুৰ থানাত এক এজাহাৰ দাখিল কৰিছে মন্ত্ৰীগৰাকীয়ে।