বিশিষ্ট আইনজ্ঞ, জ্যেষ্ঠ অধিবক্তা নিলয় দত্তৰ দেহাৱসনা।
৪৬ সংখ্যক বিবাহ বাৰ্ষিকী উদযাপনৰ বাবে পৰিয়ালৰ সৈতে বাংগালুৰুলৈ গৈছিল নিলয় দত্ত।
কিন্তু নিশা বাংগালুৰুতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় নিলয় দত্ত।
নিশা প্ৰায় ২ মান বজাত বাংগালুৰুত মৃত্যু হয় অধিবক্তা গৰাকীৰ৷
অসম ৰাজ্যিক আইন আয়োগৰ সদস্য, অৰুণাচল প্ৰদেশ চৰকাৰৰ মহাধিবক্তা, সুদক্ষ ক্ৰিকেট আম্পায়াৰ আছিল নিলয় দত্ত।
নিলয় দত্তৰ আকস্মিক বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ।
জ্যেষ্ঠ আইনজীৱী গৰাকীৰ বিয়োগ ৰাজ্যৰ সামাজিক জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে মু্খ্যমন্ত্ৰী গৰাকীয়ে।
প্ৰয়াত নিলয় দত্তৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন মুখ্যমন্ত্ৰীৰ।
Assam has lost one of the brightest lawyers, Nilay Dutta, who also had significantly contributed in many other fields including sports administration.
— Himanta Biswa Sarma (@himantabiswa) September 19, 2021
His demise has created a huge void difficult to be filled up.
Offer my deepest condolences to his family and well-wishers. pic.twitter.com/9MFQ6xQscb









