চাঞ্চল্যকৰ! শিক্ষা বিভাগে মেধাৱী ছাত্ৰীক প্ৰদান কৰা ৰঙা স্কুটিত উদ্ধাৰ আঢ়ৈ কোটি টকাৰ ড্ৰাগছ

ৰাজ্যত ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।

কিন্তু এইবাৰ আৰক্ষীৰ অভিযানত শিক্ষা বিভাগে মেধাৱী ছাত্ৰীক প্ৰদান কৰা ৰঙা স্কুটিত উদ্ধাৰ হৈছে ড্ৰাগছ।

ঘটনাৰ স্থান ৰঙিয়া। ৰঙিয়াত চৰকাৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীক প্ৰদান কৰা স্কুটিত ১৮ টাকৈ ড্ৰাগছ ভৰ্ত্তি চাবোনৰ বাকচ জব্দ কৰিছে আৰক্ষীয়ে।

image 54
চাঞ্চল্যকৰ! শিক্ষা বিভাগে মেধাৱী ছাত্ৰীক প্ৰদান কৰা ৰঙা স্কুটিত উদ্ধাৰ আঢ়ৈ কোটি টকাৰ ড্ৰাগছ 4

কামৰূপ আৰু ৰঙিয়া আৰক্ষীৰ যুটীয়া অভিযানত ৰঙিয়াত প্ৰায় আঢ়ৈ কোটি টকাৰ হেৰ’ইন সহ এজনক আটক কৰিছে।

জব্দকৃত হেৰ’ইন খিনিৰ ওজন হৈছে ৩১০ গ্ৰাম।

শিক্ষা বিভাগে প্ৰদান কৰা স্কুটিত ড্ৰাগছ লৈ আনিছিলে ছফিকুল আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনে। আৰক্ষীয়ে ছফিকুল আলীক ইতিমধ্যে কৰায়ত্ত কৰিছে।

image 56
চাঞ্চল্যকৰ! শিক্ষা বিভাগে মেধাৱী ছাত্ৰীক প্ৰদান কৰা ৰঙা স্কুটিত উদ্ধাৰ আঢ়ৈ কোটি টকাৰ ড্ৰাগছ 5

ছফিকুল আলী ৰঙিয়াৰ তেতেলীগুড়িৰ বুলি জানিব পৰা গৈছে। স্কুটি খনৰ নম্বৰ AS 12N 5828

গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হয়।

image 57
চাঞ্চল্যকৰ! শিক্ষা বিভাগে মেধাৱী ছাত্ৰীক প্ৰদান কৰা ৰঙা স্কুটিত উদ্ধাৰ আঢ়ৈ কোটি টকাৰ ড্ৰাগছ 6

উল্লেখ্য যে, এই ঘটনাই প্ৰমাণ কৰে যে, ৰাজ্যৰ শিক্ষানুস্থান সমূহৰ শিক্ষাৰ্থী সকলক ড্ৰাগছ সৰবৰাহকাৰীয়ে টাৰ্গেট কৰি লৈছে।