অসম

এখন ব্যতিক্ৰমী বিবাহ! সুদূৰ ছুইডেনৰ পৰা আহি অসমৰ বোৱাৰী হ’ল এলিভিয়া…

এখন ব্যতিক্ৰমী বিবাহ।

বিবাহখনক লৈ নলবাৰী জিলাৰ গোৱৰাদল গাঁৱত এক উখল মাখল পৰিৱেশ, কাৰণ কইনা হৈছে সুদূৰ ছুইডেনৰ।

ছ’চিয়েল মিডিয়াযোগে চিনাকি হৈ সুদূৰ ছুইডেনৰ এলিভিয়াই স্বামী বৰিলে নলবাৰীৰ দ্বীপেনক।

সাত সাগৰ তেৰ নদী পাৰ হৈ সুদূৰ ছুইডেনৰ পৰা আহি অসমৰ বোৱাৰী হ’ল ছুইডেনৰ এলিভিয়া।

ফেচবুকৰ জৰিয়তে চিনাকি হৈ সুদূৰ ছুইডেনৰ পৰা আহি অসমৰ নলবাৰী জিলাৰ গোৱৰাদলৰ বোৱাৰী হ’ল এলিভিয়া।

সম্পূৰ্ণ অসমীয়া ৰীতি-নীতিৰ মাজেৰে দুয়ো একেলগে আজি বিবাহপাশত আবদ্ধ হয়।

image 42

কর্মসূত্রে দিল্লীত থকা গোৱৰাদলৰ দ্বীপেন আৰু ছুইডেনৰ এলিভিয়াৰ বিবাহ চাবলৈ ভিৰ কৰে ভালেসংখ্যক লোক।

আয়তীৰ উৰুলিৰ মাজেৰে মাহ-হালধিৰে নোৱাই-ধোৱাই সম্পন্ন কৰা হয় দুয়োৰে বিবাহ।

সোমবাৰে দুয়োজনে একশৰণীয় ধর্মীয় ৰীতি-নীতিৰ মাজেৰে যুগ্মজীৱনৰ আৰম্ভ কৰে।

নলবাৰী গোৱৰাদলৰ দ্বীপেন আৰু ছুইডেনৰ এলিভিয়াৰ বিবাহক লৈ জিলাখনৰ লগতে বৃহত্তৰ গোৱৰাদল অঞ্চলত এতিয়া ব্যাপক চর্চা।

দুয়োৰে বিবাহ এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চিত।