আৰক্ষীৰ বৃহৎ সফলতা! বৃহৎ সংখ্যক ম’বাইল ফোনসহ আৰক্ষীৰ জালত চোৰ…

অপৰাধীৰ বিৰুদ্ধে সষ্টম অসম আৰক্ষী।

এইবাৰ আৰক্ষীৰ জালত পৰিছে ম’বাইল চোৰ।

কৰিমগঞ্জৰ বদৰপুৰত আৰক্ষীৰ অভিযানত আটক হয় এটা কুখ্যাত চোৰ।

লগতে চোৰটোৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী।

ভাংগা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ মিলিৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হয় বৃহৎ সংখ্যক মোবাইল ফোন।

আনহাতে, উক্ত চুৰি ঘটনাৰ সৈতে জড়িতৰ অভিযোগত আটক কৰা হয় ঈদুল হক নামৰ এটা কুখ্যাত চোৰক।

image 20
আৰক্ষীৰ বৃহৎ সফলতা! বৃহৎ সংখ্যক ম’বাইল ফোনসহ আৰক্ষীৰ জালত চোৰ... 2

উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰী মাহত কাছাৰৰ জিলাৰ বৰখালা থানা এলেকাৰ বৰযাত্রাপুৰ বজাৰৰ এখন দোকানৰ পৰা চুৰি হৈছিল বহু পৰিমাণৰ মোবাইল ফোন।

উক্ত জব্দকৃত ম’বাইল ফোনখিনি সেই চুৰি হোৱা মোবাইল ফোনখিনি বুলিয়েই প্ৰকাশ কৰিছে আটক চোৰটোৱে।

ঈদুল হকক আটক কৰাৰ পিছত তাৰ স্বীকাৰোক্তিৰ ভিত্তিত মোবাইল ফোনখিনি উদ্ধাৰ হয় বদৰপুৰ ভাঙ্গা বজাৰৰ এখন দোকানৰ পৰা।

আৰক্ষীয়ে ইতিমধ্যে ঈদুলক অধিক তথ্যৰ বোব সোধাপোছা অব্যাহত ৰাখিছে।