নিউজ ডেস্কঃ তিনি যুৱকৰ তৎপৰতাত এক নিশ্চিত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন তেল পৰিবাহী ৰে’ল।
নুমলীগড় শোধনাগাৰৰ পৰা তেল কঢ়িয়াই ফৰকাটিং অভিমুখে গৈ থকা ৰে’লখনক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰি প্ৰশংসিত হৈছে খুমটাইৰ বগৰিয়নীৰ ৩ যুৱক।
জানিব পৰা মতে, খুমটাইৰ বগৰিয়নী ৰে’ল লাইনৰ কাষেৰে বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীক থবলৈ যোৱাৰ সময়তে তিনি স্থানীয় যুৱকে প্ৰত্যক্ষ কৰে যে ৰে’ল লাইনৰ চিৰি বিচ্ছিন্ন হৈ আছে।

এই দৃশ্য প্ৰত্যক্ষ কৰিয়েই তিনি যুৱক ক্ৰমে চুবু কুৰ্মী, অতুল গগৈ আৰু ৰাজেশ গৰাইটে তাৎক্ষণিক বুদ্ধিমত্তাৰে এখন ৰঙা চাদৰ ৰে’ল লাইনৰ ওপৰত আৰি দিয়ে। যাৰ ফলত আহি থকা তেল পৰিবাহী ৰে’লখনৰ চালকে বিপদৰ উমান পাই ৰে’লখন ৰখায়।

ইয়াৰ পিছতে ট্ৰেইনৰ পৰা ৰে’ল বিভাগৰ লোক নামি আহি চিৰিসমূহ প্ৰত্যক্ষ কৰে বিচ্ছিন্ন হৈ থকা দেখি যুৱক তিনিজনৰ তৎপৰতাত ৰে’লখন দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰাৰ বাবে ধন্যবাদ জনায়।
ইফালে ৰে’ল বিভাগৰ কৰ্মচাৰীৰ বাবেই ৰে’ল লাইনৰ চিৰি এনেদৰে বিচ্ছিন্ন হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে।
অন্যহাতে ৰে’লপথৰ মেৰামতি কৰাৰ পিছত ৩ ঘণ্টা পলমকৈ তেল পৰিবাহী ৰে’লখন গন্তব্যস্থলীলৈ ৰাওনা হয়।









