নিউজ ডেস্কঃ ক্ৰমাৎ চৰ্চাৰ বিষয় হৈ পৰিছে নগাঁও আৰক্ষী।
‘জনহিতজনসেৱাৰ্থে’ৰ বাবে এফালে ৰাষ্ট্ৰপতিৰ সন্মান লাভ কৰিছে অসম আৰক্ষীয়ে।
আনফালে এমাহৰ ভিতৰতে ৩ জনকৈ আৰক্ষী বিষয়াৰ নিলম্বন আৰু গ্ৰেপ্তাৰৰ পিছত বিতৰ্কৰ আওতাত সোমাই পৰিছে নগাঁও আৰক্ষী।
ভাৱীস্বামীৰ সৈতে মিলি প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক ‘লেডী সিংঘম’ৰূপে পৰিচিত জোনমণি ৰাভা। কিন্তু জোনমণি ৰাভাৰ উপৰিও আন দুজন আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে এটা মাহৰ ভিতৰতে।

উল্লেখ্য যে, পোষ্টিঙৰ বাবে শীৰ্ষ আৰক্ষী বিষয়াক ঘোচ দিবলৈ গৈ ২ জুনত গ্ৰেপ্তাৰ হৈছিল ৰূপহীহাট আৰক্ষী থানাৰ এএছআই আব্দুল মোতলিব।
ইয়াৰ পিছতে ৪ জুনত গ্ৰেপ্তাৰ কৰা হৈছিল বিতৰ্কিত এছ আই জোনমণি ৰাভাক। মাজুলী আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰৰ পিছতে চাকৰিৰ পৰা নিলম্বনো কৰা হৈছিল জোনমণি ৰাভাক।
ইফালে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই ২৮ জুনৰ নিশা পুনৰ গ্ৰেপ্তাৰ হ’ল নগাঁও আৰক্ষীৰ আন এগৰাকী আৰক্ষী বিষয়া।

কাৱৈমাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এছআই হাইদল আলীক গ্ৰেপ্তাৰ কৰা হয় মাটি-বাৰী সংক্ৰান্তীয় গোচৰ নিষ্পত্তিৰ বাবে উৎকোচ বিচৰাৰ অভিযোগত।
নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে সংবাদমেল যোগে প্ৰকাশ কৰা মতে, বাবুল হক নামৰ এজন লোকক মাটি-বাৰী সংক্ৰান্তীয় গোচৰত আটক কৰি আৰক্ষী থানাত তিনিদিন ধৰি শাৰীৰিক নিৰ্যাতন চলাইছিল কাৱৈমাৰী আৰক্ষী থানাৰ এছ আই হাইদল আলীয়ে।

আনহাতে গোচৰ নিষ্পত্তিৰ বাবে অভিযুক্তজনৰ পৰা ধন দাবী কৰাৰো অভিযোগ উত্থাপন হয় এছআই গৰাকীৰ বিৰুদ্ধে। তাৰ পিছতে নগাঁও আৰক্ষীয়ে ২৭ জুনত হাইদৰ আলীক আটক কৰি জেৰা চলায় আৰু পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰে।
এনেদৰে এটা মাহৰ ভিতৰতে নগাঁও আৰক্ষীৰ তিনিগৰাকীকৈ আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰিবলগীয়া হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি।
আইপিএছ আনন্দ মিশ্ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে সংঘটিত ভুৱা এনকাউণ্টাৰ গোচৰৰ পিছৰ পৰা নগাঁও আৰক্ষীৰ ওপৰত লগা দাগটোৱে এতিয়া গোটেই ৰাজ্যৰ খাকী পোছাকযোৰত দাগ লগাব নেকি বুলিও প্ৰশ্ন তুলিছে অনেকে।









