গৌৰৱৰ ক্ষণ! তেলেংগানা হাইক’ৰ্টৰ মুখ্য ন্যায়াধীশৰূপে শপত ল’লে অসম সন্তান উজ্জ্বল ভূঞাই

অসমবাসীৰ বাবে এক ভাল খবৰ।

তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত ল’লে অসম সন্তান ন্যায়াধীশ উজ্জ্বল ভূঞাই।

image 263
গৌৰৱৰ ক্ষণ! তেলেংগানা হাইক’ৰ্টৰ মুখ্য ন্যায়াধীশৰূপে শপত ল'লে অসম সন্তান উজ্জ্বল ভূঞাই 4

মুখ্য ন্যায়াধীশৰূপে ভূঞাক শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপাল তিমিলিচাই সৌন্দৰ্যৰাজনে।

image 262
গৌৰৱৰ ক্ষণ! তেলেংগানা হাইক’ৰ্টৰ মুখ্য ন্যায়াধীশৰূপে শপত ল'লে অসম সন্তান উজ্জ্বল ভূঞাই 5

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও।

উল্লেখ্য যে, যোৱা ১৯ জুনত ন্যায়াধীশ উজ্জ্বল ভূঞাক তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল কেন্দ্ৰীয় চৰকাৰে।

image 261
গৌৰৱৰ ক্ষণ! তেলেংগানা হাইক’ৰ্টৰ মুখ্য ন্যায়াধীশৰূপে শপত ল'লে অসম সন্তান উজ্জ্বল ভূঞাই 6

মুখ্য ন্যায়াধীশৰূপে ভূঞাৰ শপত গ্ৰহণ অনুষ্ঠানত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াকে ধৰি বহুকেইজন জ্যেষ্ঠ অধিবক্তাই অংশগ্ৰহণ কৰে।

তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে উজ্জ্বল ভূঞা অধিষ্ঠিত হোৱাটো অসমৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে মহাধিবক্তা দেৱজিৎ শইকীয়াই।