বানৰ মাজতে কেঞ্চাৰ ৰােগীৰ সেৱাত ব্যস্ত চিকিৎসাকৰ্মী, মুকলি আকাশৰ তলত ৰােগীক কেমাে প্ৰদান

ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি।

ভয়াবহ বান পৰিস্থিতিত এতিয়ালৈকে প্ৰায় ১২৬ জন লোক নিহত হোৱাৰ বিপৰীতে ২২ লাখৰো অধিক লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

এতিয়াও ভয়াৱহ বানৰ কবলত আছে শিলচৰ। শিলচৰত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে বন্যাৰ্তই।

এই ভয়াৱহ পৰিস্থিতিৰ মাজতে চিকিৎসাকৰ্মী সকলে দেখুৱাইছে মহানুভৱতাৰ নিদৰ্শন।

মুকলি আকাশৰ তলতে ৰোগীক প্ৰদান কৰিছে বিভিন্ন ৰোগৰ চিকিৎসা।

সম্প্ৰতি এগৰাকী কেঞ্চাৰ ৰোগীক ৰাজপথতে কেমো দিয়াৰ এখন ফটো ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।

image 256
বানৰ মাজতে কেঞ্চাৰ ৰােগীৰ সেৱাত ব্যস্ত চিকিৎসাকৰ্মী, মুকলি আকাশৰ তলত ৰােগীক কেমাে প্ৰদান 2

উল্লেখ্য যে, বানপানীৰ ফলত কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ বহুতো অংশ জলমগ্ন হৈ পৰিছে। ইয়াৰ ফলত পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে, প্ৰশাসকসকলে ৰোগী আৰু কৰ্মচাৰীসকলক পৰিবহনৰ বাবে লাইফ জেকেট আৰু ইনফ্লেটেবল নাওঁ তথা অন‍্যান‍্য প্ৰয়োজনীয় সামগ্ৰীৰ বাবে অনুৰোধ জনাইছে।

চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে যে, ‘কেমোথেৰাপী আৰু প্ৰাৰম্ভিক ৰোগ নিৰ্ণয়ৰ দৰে বাহিৰত কৰিব পৰা প্ৰক্ৰিয়াবোৰ, আমি পথত কৰি আছোঁ, য’ত পানী কম পৰিমাণে জমা হয়।’

‘যদি কাৰোবাৰ জৰুৰীকালীন অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় আমি সেইবোৰ কৰি আছোঁ, কিন্তু এনাস্থেচিয়াৰ বাবে প্ৰয়োজনীয় নাইট্ৰাছ গেছৰ অভাৱৰ বাবে আমি সামগ্ৰিক সংখ্যা হ্ৰাস কৰিছো’ বুলি কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হৈছে।

জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ডিডিএমএ), ইউনিচেফ আৰু অক্সফাম নামৰ এক আন্তৰ্জাতিক দাতব্য সংস্থাই শিলচৰ আৰু ইয়াৰ প্ৰান্তীয় অঞ্চলৰ ভিতৰত প্ৰয়োজনীয় লোকসকলক খোৱা পানীৰ ব‍্যৱস্থা কৰি দিয়া বুলি জানিব পৰা গৈছে।

লক্ষণীয়ভাৱে, সেনা, এনডিআৰএফ, এছডিআৰএফ আৰু অন্যান্য সংস্থাসমূহ বানপানীৰ সময়ত উদ্ধাৰ আৰু সাহায্য অভিযানত নিয়োজিত হৈ আছে।