নগৰবেৰাৰ নতুন মালিবাৰীত আৰক্ষী জাঁলত তিনিগৰাকী গভাইত চোৰ।
মন্দিৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সোণ আৰু ৰূপৰ অলংকাৰ সহ আটক কৰে তিনি গহণাচোৰক।
গ্ৰেপ্তাৰ হোৱা চোৰ কেইজন হৈছে-বৰপেটাৰ মালেক আলী, নতুন মালিবাৰী অঞ্চলৰ হুমায়ুন আৰু ছহিদুল আলী।
ধৃত চোৰকেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৩ লক্ষাধিক টকাৰ চুৰি অলংকাৰ।
জানিব পৰা মতে যোৱা ১২ ছেপ্তেম্বৰত নতুন মালিবাৰী বজাৰৰ চফিকুল ইছলাম নামৰ এজনৰ জুৱেলাৰী দোকানৰ পৰা চোৰৰ দলটিয়ে চুৰি কৰিছিল গহণা খিনি।
আৰক্ষীয়ে সোধপোছৰ বাবে দুদিন মানৰ পূৰ্বে আটক কৰিছিল মালেক আলী নামৰ এজনক।
আৰু মালেক আলীক সোধপোছৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা।
মালেক আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অভিযান চলাই এই বৃহৎ পৰিমাণৰ অলংকাৰসহ হুমায়ুন নামৰ চোৰজনক গ্ৰেপ্তাৰ কৰে।
আহাতে আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন হৈ থাক ছহিদুল ইছলামত শুক্ৰবাৰে দুপৰীয়া গহণাসহ গ্ৰেপ্তাৰ কৰে।









