ৰােলাৰ চলাই মাদক দ্ৰব্য ধ্বংস কৰিলে আৰক্ষী বিষয়াই…

নিউজ ডেস্ক। আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস দিনাই নগাঁও জিলা আৰক্ষীয়ে বিগত সময়ত জব্দ কৰা মাদক দ্ৰব্য ধ্বংস কৰে।

নগাঁৱৰ বঢ়মপুৰত ৰােলাৰ চলাই আৰু জুই জ্বলাই ধ্বংস কৰে গাঞ্জা, কফ চিৰাপ, ব্ৰাউন ছুগাৰ, মৰফিন, হেৰােইনকে ধৰি প্ৰায় ২৫ কােটি টকা মূল্যৰ জব্দকৃৎ ড্ৰাগছ।

p2 6
ৰােলাৰ চলাই মাদক দ্ৰব্য ধ্বংস কৰিলে আৰক্ষী বিষয়াই... 3

নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে উপস্থিতিত দাহন কৰা হয় এই ড্ৰাগছ।

26 06 22 Nagaon Drugs destroyed by police 4
Pix BY UB Photos

আৰক্ষীয়ে নষ্ট কৰা মাদক দ্ৰব্যৰ ভিতৰত আছিল হেৰােইন- ১ কিলাে ৬৫২ গ্ৰাম, ব্ৰাউন ছুগাৰ ৬৯.৩৩ গ্ৰাম, মৰফিন ২੦২ গ্ৰাম, নিচাজাতীয় টেবলেট- ১, ৬৩, ৮৮੦, কফ চিৰাপ-৭,৯৪৮ বটল আৰু গাঞ্জা- ৩৫ কিলাে।

উল্লেখ্য যে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই নিজে ৰােলাৰ চলাই ধ্বংস কৰে কফ চিৰাফৰ ৭,৯৪৮ টা বটল।