এক শোকাৱহ ঘটনা।
বন্ধুৰ সৈতে জলমগ্ন পথত খোজ কাঢ়িবলৈ গৈ সন্ধানহীন হ’ল এজন কিশোৰ।
মৰিগাঁও বাৰপূজীয়া বোকাবিলত এই সংঘটিত হৈছে এই কৰুণ ঘটনা।
তিনি বন্ধুৱে মিলি খোজ কাঢ়ি গৈ থাকোতেই এই অঘটন সংঘটিত হয়।
বাঢ়নি পানীত উটোৱাই নিয়ে তিনি কিশোৰক। কিন্তু তাৰেই দুজন কিশোৰৰ কথমপি প্ৰাণ ৰক্ষা পৰে।
পাছে এজন সন্ধানহীন। সন্ধানহীন কিশোৰটিৰ নাম ভূপেন বৰদলৈ (১৭)।
জানিব পৰা মতে, বাৰপূজীয়া বৰদলৈ চুকৰ ভূপেন বৰদলৈয়ে অৰূপ বৰদলৈ আৰু পৰশমনি নাথ নামৰ দুই বন্ধুসহ দেওবাৰে বোকাবিলৰ পানীত ডুব যোৱা পথেৰে খোজকাঢ়ি গৈ আছিল।
কিন্তু খোজ কাঢ়ি গৈ থাকোতেই হঠাৎ পিচল খাই পানীৰ সোঁতত উটি যায়।
সৌভাগ্যক্ৰমে অৰূপ আৰু পৰশমনি ৰক্ষা পৰে যদিও সন্ধানহীন হৈ পৰে ভূপেন।
লগে লগে এছ ডি আৰ এফৰ দল উপস্থিত হৈ ভূপেনৰ সন্ধানত অভিযান চলাই যদিও অদ্যপি ভূপেনৰ কোনো সন্ধান ওলোৱা নাই।









